Show/Hide Keyboard Layout

ব’ল ব’ল ব’ল

- বিষ্ণুপ্ৰসাদ ৰাভা

ব’ল ব’ল ব’ল ব’ল

কৃষক শক্তি দল

অ’ বনুৱা সমনীয়া

আগবাঢ়ি যাওঁ বল ।

 

জাগ্ জাগ্ জাগ্ জাগ্

মজদুৰ নজোৱান

নিৰ্যাতিত নিপীড়িত

কৃষক শক্তিমান ।

 

তোৰ বাহুতে আছে লুকাই

অসীম শক্তি বল

ৰণৰ শিঙা বাজে শুন ঐ

আগবাঢ়ি যাওঁ বল ।

 

কিহৰনো ভয় আছে অভয়

বাণী দেৱতাৰ

শতৰু সউ চৌপাশে ৰয়

ধনী জমিদাৰ

সুঁহে কলিজাৰ ৰঙা তেজ

প্ৰজা দুখীয়াৰ ।

 

ধ্বংস কৰ্ ধ্বংস কৰ্

ধনীৰ অহংকাৰ

দয়া মায়া নকৰিবি

ক্ষমাৰ দিন যে গ’ল ।

হাল, কোৰ, দা, হাতুৰী লৈ

ৰণলৈ যাওঁ বল ।

 

তই খুৱাৱ বিশ্ববাসীক

মাটি ফালি ধান

তই যোগাৱ ধনী শ্ৰেণীক

অস্ত্ৰ শক্তিমান

কাৰখানা কল তোৰেই সৃজন

পথাৰ সুবহল

নাঙল, কাঁচি, হাতুৰী দাৰ

যাদুকৰী ফল ।।

Hits: 1712